চুটি গল্প :: তোমাৰ সন্ধানত --- HUNTI GOGOI
পুৱা ৯ মান বজাত, বাইক খন পাৰ্ক কৰি, অজয়, ল’ৰাল’ৰিকৈ সোমাই আহিল, হস্পিতেললৈ । “PrimeCare Hospital”. চহৰৰ এখন ব্যস্ত প্ৰাইভেট হস্পিতেল । অজয়, হস্পিতেলৰ পেথ’ল’জি বিভাগৰ লেৱ টেকনিচিয়ান । আজি তাৰ পুৱাৰ ডিউটি আছিল । পিছে ঘৰৰ পৰা ওলাই কিছু দুৰ আহোতে, বাইক খনৰ টায়াৰ পাম্পছাৰ হ’ল । ইফালে ডিউটিটো পুৱা ৮ বজাতেই আৰম্ভ হয় । খৰধৰকৈ বাইকৰ, টায়াৰ Repair কৰি আহোতে আজি পলমেই হ’লহি তাৰ ।
পেচেন্টৰ লানি নিছিগা শাৰী । বহুত পেচেন্ট আজি । Attendance টো দি, ল’ৰাল’ৰিকৈ কামত ধৰিলেহি সি । PrimeCare হস্পিতেলখন, Diagnostics চেন্টাৰ হিচাৱে খুৱ নাম আছে । প্ৰথমতে PrimeCare এখন Diagnostics চেন্টাৰেই আছিলে । লাহে লাহে এতিয়া ই এখন পুৰ্নাংগ হস্পিতেল হৈ পৰিল । ইন্দ’ৰ, আউতড’ৰ, অপাৰেচন থিয়েটাৰ ইত্যাদি, সকলো বিলাক বিভাগ আছে ইয়াত আজিকালি । “এ অজয়, আহিলা । এ এই কেইটা ফটাফট entry কৰি দিয়াছোন । মোক আকৌ ড: আহুজাই মাতিছে সোনকালে, কিবা হ’ল ।“ অজয়ৰ সহকৰ্ম্মী বিশালে লেৱ টেস্ত Findings ৰ লিষ্ট এখন অজয়ক দি ল’ৰাল’ৰিকৈ ওলাই গ’ল ।
এনেদৰে কামৰ হেচাত দুপ’ৰীয়া কেতিয়ানো ২ বাজিল অজয়ে গ’মেই নাপালে । লেবৰ পৰা ওলাই, লান্স ক’ৰিবলৈ বুলি অজয় হস্পিতেলৰ কেন্টিন পালেহি । পোলাও, এক প্লেট অৰ্দ্দাৰ দি সি ব’হিছেহি । এনেতে পিছফালৰ প’ৰা ছোৱালী এজনীৰ মাত শুনিলে । “Excuse me! মই ইয়াত ব’হিব পাৰোনে ?” মাতটো, তাৰ ক’ৰবাত শুনা শুনা যেন লাগিছে । কিবা এটা চিনাকি চিনাকি লাগিল । ঘুৰি চাই দেখে, নাৰ্ছৰ পোছাকত, সেয়া দেখোন ম’নমী । অজয় আচৰিত হ’ল । “আৰে, তুমি ইয়াত ?” অজয়ে সুধিলে । “ওঁ, মই ইয়াত প’ৰহি জ’ইন কৰিছো । তুমিও কি, ইয়াতেই কৰা নেকি ?” তাই সুধিলে । “অ মই পেথ’লজিত, যোৱা বছৰৰ পৰা ক’ৰি আছো ।” সি উত্তৰ দিলে । তাই আকৌ কৈ গ’ল । “ইমান বছৰৰ মুৰত লগ পাই বৰ ভাল লাগিল অ অজয় । জানা, তোমাক মই দেখিয়ে চিনি পালো । তোমাৰ চেহেৰা কিন্তু, একদ’ম একে আছে দেই । ” দুই এক সৰুসুৰা ক’থা পাতি, হাতৰ ঘড়িটোলৈ চাই, তাই যাবলৈ লৈ, ক’লে । “মই লাঞ্চ কৰিলোৱেই । তুমি বহা অজয় । মই যাওঁ । আ, লগ পাই থাকিম কিন্তু ।” এইবুলি কৈ তাই গ’লগৈ । তাইক হঠাতে লগ পোৱাত, ক’বনোৱাৰাকৈ অজয়ৰ মনলৈ কিছু পুৰণি স্মৃতি ভাহিঁ আহিল ।
অজয় আৰু ম’নমী হায়াৰ চেকেন্দেৰি একেলগে পঢ়িছিল । হায়াৰ চেকেন্দেৰি পাছ ক’ৰাৰ পাছত তাই নাৰ্ছিং পঢ়িবলৈ গুছি গৈছিল আৰু সি পেৰা মেডিকেল পঢ়িৱলৈ আহিছিল । তাৰ পিছত বহু দিন সি তাইৰ খবৰ পোৱা নাছিল । হায়াৰ চেকেন্দেৰি পঢ়ি থকা অবস্থাত, সিহঁত দুয়ো খুব ভাল বন্ধু আছিল । লাহে লাহে ম’নমীক, সি, অজানিতে ভাল পাই পেলাইছিল । কিন্তু, মনৰ এই ভালপোৱা, বহুত বাৰ ম’নমীক, জনাব খুজিও, সি ক’বলৈ সাহস কৰিব প’ৰা নাছিল । তাইৰ বা তাৰ প্ৰতি কি ভাৱ আছে, সি ধৰিব পৰা নাছিল । কেতিয়াবা তাৰ এনে লাগে যেন, ম’নমীয়ে তাক, কেৱল বন্ধু হিচাবে বিচাৰে । কেতিয়াবা আকৌ, মন’মীৰ কিছু সৰু সুৰা কথাত তাৰ এনে লাগে, যেন ম’নমীয়েও তাক ভাল পাই । সি কিন্তু কোনোকালেই ম’নৰ ভাৱ তাইৰ আগত প্ৰকাশ কৰিব প’ৰা নাছিল । তাৰ এনে লাগে যেন, সি যদি তাইক মনৰ কথা কৈ দিয়ে, তেতিয়া যেন তাৰ লগত থকা, তাইৰ বন্ধুত্ত চিৰদিনলৈ হেৰাই যাব । মুঠতে তাইক, সি কোনোপধ্যেই হেৰুৱাব খোজা নাছিল । এনে দৰে সময় বোৰ পাৰ হৈছিল । আৰু, এটা সময়ত, সিহঁত হায়াৰ চেকেন্দেৰি পাছ কৰি নিজৰ নিজৰ বাটেদি আগবাঢ়িছিল । অজয়ৰ পিছে মনৰ ভাৱ মনতেই থাকি গৈছিল । ম’নমীৰ আগত, অন্তৰৰ কথা, সি প্ৰকাশ কৰিব পৰা নাছিল । তাৰ হিয়াৰ কোনোবা কোনত অজানিতে, তাই, ৰৈ গৈছিল । আজি হঠাৎ হস্পিটেলত ম’নমীক ল’গ পাই, তাৰ এনে লাগিল, যেন ভগৱানেহে তাক আৰু এটা সুযোগ দিছে । ম’নমীক, অন্তৰৰ ক’থা ব্যক্ত কৰিবলৈ ।
“দাদা পোলাও”। পুৰনি স্মৃতিৰ মাজত উটি ভাহি থাকোতেই ৱেইটাৰে পোলাও এক প্লেট দি থৈ গ’লহি । সি বাস্তৱলৈ ঘুৰি আহিল । ল’ৰালৰিকৈ পোলাও প্লেট শেষ কৰি অজয়ে দিউটি লৈ বুলি খোজ ল’লে ।
গ’ধুলি ডিউটি শেষ কৰি ঘৰ পাই দেখে, ঘৰত দেখোন ভীষন আড্ডা । তাহাতৰ ঘৰৰ দ্ৰৱিং ৰুমত মাক, দেউতাক, ভনীয়েক অৰ্পিতা, অৰ্পিতাৰ লগৰ তাহাতৰ ওচৰ-চুবুৰীয়া অঞ্জলী, অঞ্জলীৰ মাক, গোটেই বোৰে কিবা কথাত হাঁহি আছে । ভনীয়েক অৰ্পিতাৰ দুবছৰৰ আগতে বিয়া হৈ গৈছে, পুলিছ ইন্সপেক্তৰ বিমান বৰুৱাৰ লগত । তাই অহা দুদিন মান হ’ল । বৰ্তমান তাই Pregnant হৈ থকাৰ বাবে, বিমানে তাইক সিহঁতৰ ঘৰত থৈ গৈছেহি ।
“দাদা, পালেহি”। ভনীয়েকৰ লগৰ অঞ্জলীয়ে মাত ল’গালে । “অ এয়া ।” এইবুলি কৈ সি ভিতৰলৈ সোমাই গ’ল । অঞ্জলী, ভনীয়েকৰ খাছ বন্ধু । সিহতৰ ঘৰ খনৰ লগত অঞ্জলীৰ ঘৰ খনৰো খুব ওচৰ সৰ্ম্পক । অঞ্জলীও সিহঁতৰ ঘৰলৈ প্ৰায়েই আহি থাকে । মাজে মাজে কেতিয়াবা সি অনুভৱ ক’ৰে, অঞ্জলীৰ, তাৰ প্ৰতি, কিবা অলপ যেন বেছি বিশেষ ভাৱ এটা আছে । পিছে সিহে অ’লপ আঁতৰি আঁতৰি ফুৰে তাইৰ প’ৰা ।
ৰাতি ভাত খাই উঠি ভনীয়েক আহিল তাৰ ৰুমলৈ । সি তাইক বৰ ম’ৰম ক’ৰে । “কি অ, ডিয়েৰ চিছটাৰ । শহুৰৰ ঘৰত ঠিকঠাক আছটো । আজিকালি টিভিত কিবা কিবি নিউজ দেখি থাকো অ’ । কিয় জানো, তোলৈ, মাজে মাজে অহেতুক চিন্তা কিছুমান লাগি থাকে ।” দুহাতেৰে, ভনীয়েকৰ গাল দুখন ধৰি, সি ক’লে ।
“তেনে একো চিন্তা ক’ৰিব নালাগে Brother. মই ঠিকেই আছো । ভনীয়েক অপিৰ্তাই কৈ গ’ল । মোৰ বিমানৰ ঘৰ খন খুৱ ভাল । বিমানেও মোক খুব মৰম ক’ৰে । পিছে তই কি ভাবিছ । অঞ্জলী সিফালে ৰৈ আছে কিন্তু । মোক প্ৰায়েই সুধি থাকে তোৰ ক’থা । পিছে তইবোলে তাইক পাট্ট্টাই নিদিয় । চা Bro. কিবা চিন্তা এটা কৰ । পাছত পস্তাবি । তাই বৰ ভাল ছোৱালী । মায়েও খুব ভাল পাই তাইক । তাই আমাৰ ঘৰৰ বোৱাৰী হ’লে, ঘৰত পাছলৈ শাহু বোৱাৰীৰ কাজিয়াই নাথাকিব । আৰু, মোৰো ঘৰলৈ আহি ভাল লাগিব দেচোন । তই আকৌ তাইক পাট্টাই নিদিয় নহয় ।” হাহি হাঁহি ক’থাবোৰ কৈ গ’ল ভনীয়েকে । “হয় হয় ওলা মোৰ ৰুমৰ প’ৰা । অঞ্জলীৰ ছামছি ক’ৰবাৰ । মোৰ সময় নাই এইবোৰ ভাবি থকাৰ । তই যা ইয়াৰ প’ৰা । শুই থাকগৈ । ৰাতি হ’ল । ” অজয়ে ধেমালিতে তাইক আতৰাই পঠিয়াই মেগাজিন এখন উলিয়াই ল’লে ।
হস্পিতেলৰ ডিউটিৰ হেঁচাত দুই তিনিদিন পাৰ হৈ গ’ল । ছেগ বুজি ম’নমীক ল’গ কৰো বুলি এদিন সি নাৰ্ছৰ ডিউটি ৰুমলৈ গ’ল । তেতিয়া, ডিউটি ৰুমৰ ওচৰৰ কেবিন এটাত ৰোগী এজনক attend কৰি আছিল তাই । অজয়ে অলপ সময় ৱেইট কৰিলে তাতে । সেইদিনা, ল’ৰাল’ৰিতে তাইৰ ম’বাইল নম্বৰটো লোৱা নহ’ল । আজি ল’ব লাগিব । সি মনতে ভাবিলে ।
অলপ পাছত, ম’নমী ওলাই আহি, অজয়ক দেখি, সুধিলে । “এ অজয়, কি কৰিছা ।” অজয়ে ক’লে, “কি কৰিম আৰু । তোমালৈ ৱেইট কৰি আছো । সেই দিনাৰ প’ৰা তোমাক লগ কৰিব পৰাই নাই নহয় । চাওঁ, তোমাৰ ম’বাইল নম্বৰটো দিয়া । তোমাক মই পাছত ফোন কৰিম । এতিয়াটো তুমি ব্যস্তই থাকিবা । ” এইবাৰ ম’বাইল নম্বৰটো দি তাই অজয়ক ক’লে । “পিছে শুনা, কাইলৈ মোৰ অফ আছে । তুমি, সময় অলপ ওলোৱা না । আড্ডা এটা দিব লাগিছিল নহয়, নে কি কোৱা ।“ অলপ চিন্তা ক’ৰি সি উত্তৰ দিলে । “ঠিক আছে । Done. প্লেন বনাই, পাচত তোমাক মই ফোন কৰি আছো ।” এইবুলি কৈ অজয়ে তাইৰ ওচৰৰ পৰা গুছি আহিল ।
চহৰৰ মাজেদি তীব্ৰ গতিত বাইক চলাই গৈ আছে অজয় । দিনটোত, ভীষন ৱৰ্ক ল’ড পৰাৰ পাছটো, আজি দেখোন তাৰ মনটো কিবা মুকলি মুকলি লাগি আছে । ব্যস্ত মহানগৰীৰ, ব্যস্ত ট্ৰেফিকেও তাৰ মন’লৈ কোনো আমনি ভাব আনিব পৰা নাই । কিবা যেন আজি সকলোবোৰ সুন্দৰ, ধুনীয়া লাগিছে তাৰ ।
ঘৰ গৈ পা্যেই সি তাৰ সহকৰ্ম্মী বিশালক ফোন ক’ৰিলে । “হেল্ল’ বিশাল । এটা হেল্প লাগিছিলহে তোমাৰ । অহাকালিলৈ, ঘৰত মোৰ ইমাৰজেন্সি এটা কাম ওলাল হে । তুমি মোৰ ডিউটিটো কৰি দিয়া না কাইলৈ । মই পৰহিলৈ তোমাৰ ডিউটিটো কৰি দিম, ঠিক আছে । ” বিশাল মান্তি হ’ল । “হওঁক তেও কাইলৈ গোটেই দিনটো পালো ।” সি ভাবিলে ।
ৰাতি দিনাৰ কৰি উঠি, সি চিন্তা কৰিলে কাইলৈ আৰু সি দেৰি নকৰে, সকলো সাহস গোটাই সি ম’নমীক তাৰ অন্তৰৰ সকলো কথা নিগৰাই দিব । সি তাইক কাইলৈ প্ৰপ’জ কৰাৰ সিদ্ধান্ত ল’লে । সি ভাবিলে, যি হয় দেখা যাব । এনেদৰে আৰু সি থাকিব নোৱাৰে । ইতিমধ্যে সি তাইৰ লগত ফোনত কথা পাতি পিছদিনা ৰেষ্টুৰেন্টত লাঞ্চ কৰাৰ প্লেন এটা বনালে ।
চহৰৰ মাজমজিয়াৰ এখন ৰেষ্টুৰেন্ট Center-Joint । অজয় আৰু ম’নমী সোমাই আহিল । ৰেষ্টুৰেন্টত আজি বৰ ভীৰ নাই । টেবুলৰ চকী এখন টানি মনমীক বহিবলৈ দিলে । আন এখন চকীত বহি সি ৱেইটাৰক মাতিলে । ৱেইতাৰে টেবুলত খালি গিলাচ দুটা, আৰু খোৱা পানীৰ বটল এটা দি গ’লহি । অজয়ে ম’নমীক অলপ লক্ষ্য কৰিলে । ট’প আৰু জীন্সত মনমীক, আজি বৰ ধুনীয়া দেখাইছে । অলপ পাছত, ৱেইতাৰে সিহতৰ টেবুলত দুখন মেনু দি থৈ গ’লহি ।
মেনু চাই, সিঁহতে পছন্দৰ খানা অৰ্দ্দাৰ দিলে । কলেজৰ দিনৰ বিভিন্ন পুৰণি কথাত সিহঁতৰ আড্ডা, ক্ৰমাৎ জমি উঠিব ধৰিলে । ইতিমধ্যে, ৱেইতাৰে, অৰ্দ্দাৰটো তাহাতৰ টেবুলত চাৰ্ভ কৰি থৈ গ’লহি । পিছে, খোৱাৰ মাজে মাজে, অজয়ে, চিন্তা কৰি আছে সি কিদৰে কথাতো উলিয়াব । এনেতে তাই সুধিলে, “সেইযে আমাৰ লগৰ মনোজ, বিবেক, অচ্যুত, সিহত আজিকালি ক’ত অ । কিবা খবৰ পোৱানেকি সিঁহতৰ ।” অজয়ে সিহতৰ বিষয়ে কৈ গ’ল । বিভিন্ন কথাৰ মাজেৰে ২ ঘন্টা মান যে কেনি উৰি গ’ল, সিঁহতে গমেই নাপালে ।
“আজি মোৰ পিছে তোমাক কিছু কথা কবলগীয়া আছে ।” অজয়ে তাইৰ ফালে চাই ক’লে । ঠিক একে সময়তে তাইয়ো উত্তৰ দিলে । “তোমাক, মোৰো অলপ কথা ক’ব লগা আছিল কিন্ত্তু ।”
অজয়ৰ মনটো ভাল লাগি গ’ল । আৰে, তাৰমানে তাইয়ো, সি ভবাৰ দৰে একে কথাই কব বিচাৰিছে । তাইৰো তেনে তাৰ প্ৰতি তেনে এটি ভাবেই আছিল । অজয়ৰ হাৰ্ট বিট অলপ বাঢ়িব ধৰিলে । অজানিতে চকুৱে মুখে হাঁহি বিৰিঙি গ’ল ।
“ঠিক আছে কোৱা তেন্তে ।” সি হাঁহি হাঁহি ক’লে । “নাই তুমি কোৱা, তুমিহে প্ৰথম ক’ম বুলি কৈছিলা ।” ম’নমীয়ে ক’লে । অজয়ে উত্তৰ দিলে, “এ নালাগে দিয়া, আগতে তুমিয়ে কোৱা, কি কব খুজিছিলা । Ladies first Yaar. নাজানা নেকি ?” অলপ সময় অজয়ৰ মুখলৈ চাই ম’নমীয়ে, তাইৰ বেগটো খুলিলে । Invitation কাৰ্ড এখন উলিয়াই অজয়ক দি ক’লে । “এয়া লোৱা । অহা মাহৰ ২২ তাৰিখে মোৰ বিয়া । যাব লাগিব কিন্ত্ত । মই কোনো Excuse নুশুনো । ok.”
এয়া কি । অজয়ৰ মুৰত যেন সৰগ খনহে ভাঙি প’ৰিল । হঠা্ৎ এনে এটি মুহুৰ্ত্তৰ সন্মুখীন হ’ব বুলি সি কেতিয়াও ভবা নাছিল । তাৰ হৃদয় খন যেন মুহুৰ্ত্ততে থানবান হৈ গ’ল । হিয়া খন প্ৰচন্দ জোৰেৰে ধপধপাব ধৰিলে । তথাপিও মনৰ ভাৱ লুকুৱাই, সি ফুৰ্তি পোৱা যেন দেখুৱাই তাইক ক’লে, “Wow Great. কিয় নাযাম । মই নিশ্চয় যাম, পিছে দৰা ক’ৰ ।” কিন্ত তাৰ মনেহে জানিছে, তাৰ কেনে লাগিছে । চাৰিওফালে যেন, কেৱল এক আন্ধাৰ অনুভৱ কৰিলে সি । কিবা যেন এক শুন্যতা ।
তাৰ নিজৰ ওপৰত খং উঠিল । ছে: ইমান সৰু কথা এটা, সি কিয় তাইক আগতে ক’ব নোৱাৰিলে । এতিয়াতো সকলো শেষ । সি মনে মনে ভাবিলে । এনেতে মনমীয়ে সুধিলে, “কি হ’ল । কোৱা আকৌ তোমাৰ কথাটো । কিবা কব খুজিছিলা নহয় ।” “এ হ’ব দিয়াহে । পিছত ক’ম । ইমান দৰকাৰী কথা নহয় । ” সি উত্তৰ দিলে । “পিছে দৰা ক’ৰ নক’লা যে । কেতিয়া চিনাকি কৰি দিবা মোক হু ।” প্ৰসংগ সলাবলৈ বুলি সি সুধিলে ।
লাঞ্ছ কৰি উঠি, ৰেষ্টুৰেন্টৰ পৰা ওলাই, সিহঁত অলপ ম’ল এখনত সোমাল । মনমীৰ কিবা অলপ বস্তু কিনিব লগা আছিল । অন্তৰৰ ভাব, মুখত, যাতে প্ৰকাশ নাপায় তাৰ বাবে অহৰহ কষ্ট কৰি অজয়ে সময় খিনি তাইৰ লগত পাৰ কৰিলে । সন্ধিয়া, তাইক হোষ্টেলত নমাই সি ঘৰ পালেহি ।
নিশা, ঘৰলৈ আহি ভাত পানী খাই শুবলৈ লওঁতে, কিয় জানো, অজানিতে তাৰ চকুৱেদি, দুধাৰি চকুলো বৈ গল । সাধাৰনতে সি আবেগিক নহয় । কিন্ত্তু হঠাৎ আজি কি যে হ’ল । নিজৰ আবেগক যেন সি চম্ভালিৱই পৰা নাই ।
লাহে লাহে, দিন, মাহ বাগৰিব ধৰিলে । হস্পিতেল আৰু ঘৰ, ঘৰ আৰু হস্পিতেল । যন্ত্ৰবৎ, সময়বোৰ তাৰ পাৰ হ’ব ধৰিলে ।
আজি, দেওবাৰ । পুৱা, অজয় অলপ দেৰিকৈ উঠিলে । আজি তাৰ ডিউটি নাই । শুই উঠি ব্ৰেকফাষ্টৰ টেবুলত বহোতে মাকে ক’লে । “বাবা, আজি ৰাতি বেলেগ কাম নাৰাখিবি দেই । ভন্টি আহিছে নহয়, সেয়ে অঞ্জলীহঁতৰ ঘৰলৈ আজি ৰাতিৰ সাঁজ খাবলৈ মাতিছে । আমি যাম । তোকো মাতিছে । নগ’লে কিন্ত্তু বেয়া পাব তাহাতে ।” “থিক আছে । চাও বাৰু । ” সি উত্তৰ দিলে ।
আবেলি, এনেয়ে অলপ যাও বুলি বাইক খন লৈ সি ওলাই গ’ল । অলপ দুৰ গৈ, সি অঞ্জলীক দেখি সুধিলে “অঞ্জলী, ক’লৈ যোৱা ?” তাই ক’লে “এ অলপ মাৰ্কেটৰ পৰা আহোঁগৈ ।“
“ঠিক আছে, উঠা । মইও সেইফালে গৈ আছো । নমাই দিম তোমাক ।“ এইবুলি কৈ, অজয়ে তাইক বাইকত উঠিবলৈ ইংগিত দিলে । তাইও বিনা দ্বিধাই উঠি ল’লে । বাইক আগবাঢ়িল । “আজি পিছে ৰাতি আমাৰ ঘৰলৈ যাব লাগিব দেই, বেয়া পাম ন’হলে ।” তাই ক’লে । “ঠিক আছে পিছে কি খুৱাবা আমাক । মই চিম্পল বস্তু নাখাও কিন্তু । Special লাগিব মোক ।” অজয়ে সুধিলে । তাই ক’লে “ঠিক আছে, আগতে আহকচোন । Special পাব নহয় ।“ তাইৰ কথাত দুয়ো হাহিঁলে । অলপ পাছত মাৰ্কেট পাই অজয়ে তাইক নমাই দিলে ।
“এতিয়া পিছে ক’ত যাব । কিবা কাম আছে নেকি?” তাই সুধিলে । “নাই । একো কাম নাই । কিয় সুধিলা ।” অজয়ে ক’লে । “ঠিক আছে তেন্তে । আহক মোৰ লগত, অলপ বজাৰ কৰো । তাৰ পিছত মোক ঘৰত থৈ আহিবগৈ ।“ এটি মিচিকিয়া হাঁহিৰে তাই ক’লে । “ওকে মোক খটুৱাইছা নহয় । হু । ঠিক আছে ব’লা । অজয়ে হাঁহি হাঁহি ক’লে ।“ দুয়ো আগবাঢ়িল ।
তাৰ কৰবাত পঢ়া মনত পৰিল, কেতিয়াবা, কাৰোবাক যদি আজীৱন কাষত পাব বিচৰা, তেনে, আদৰি ল’ৱা তেওঁক, যি তোমাক ভাল পায় । তেওঁক নহয় যাক তুমি ভাল পোৱা ।
------------------------ সমাপ্ত --------------------------
গল্প শিতান :