চিলমিলিয়া বৰষুণ পানীৰে পথাৰ উপচি গল, পুঠী দৰকিনাই দেও দি নাচিছে, ভেকুলিয়ে টোৰটোৰাইছে আনন্দত বাৰিষা আহিছে বুলি । পথাৰত ভূই, বানপানীৰ উপদ্রপ । তথাপিও খেতিয়কৰ ৰঙীন স্বপ্ন । সেউজীয়া গাভৰু ধাননী পথাৰ । কাতি বিহু কঙালী, ভোগালীৰ পিঠা পায়খৰ বতৰ । মন হেপাহেৰে ভৰা, কহুবা, মদাৰ, পলাশ ফুলিলে হাড় কপোবা জাৰ । বৰদৈচিলা মাকৰ ঘৰলৈ যায় । পাত সৰি ন-কুঁহিপাত ওলালে, বহাগ, ৰঙালীৰ শুভেচ্ছা লৈ । বিহুত মোন চঞ্চল হল মনত মাথো প্রেয়সীৰ উদ্বেগ বিহুবান আৰু মৰমৰ উল্লেখ । +++++++++++++++++++++++++++++
hunti gogoi
No comments:
Post a Comment